16 Sep 2026
+91-90855-91655     mail@vbsambad.in     Organisation    Dashboard    Editorial Board
        
Updates ৰাষ্ট্ৰীয় পঢ়ুৱৈ দিৱস পালন; শিশু শিক্ষা সমিতি, অসমৰ প্ৰদেশ কাৰ্যালয়ত পুথিভঁৰালৰ শুভাৰম্ভ শিশু শিক্ষা সমিতি, অসমৰ বাৰ্ষিক সাধাৰণ সভাৰ সফল সামৰণি শিশু শিক্ষা সমিতি, অসমৰ সংকুল প্ৰমুখৰ বৈঠক যোৰহাটত সম্পন্ন

আমাৰ বিষয়ে

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ , শিশু শিক্ষা সমিতি, অসমৰ ষান্মাষিক বাৰ্তালোচনী

বিদ্যা ভাৰতী সংবাদ

"বিদ্যা ভাৰতী সংবাদ" হৈছে বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা প্ৰকাশিত এখন ত্ৰৈমাসিক বাৰ্তালোচনী। ১৯৯৭ চনৰ ডিচেম্বৰ মাহত প্ৰথম সংখ্যাৰ প্ৰকাশৰ জৰিয়তে আৰম্ভ হোৱা এই যাত্ৰাই আজি ১০৫ সংখ্যাৰ গৌৰৱময় মাইলৰ খুঁটি অতিক্ৰম কৰিছে।

এই বাৰ্তালোচনীখনত শিশু শিক্ষা সমিতি, অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচী, বিদ্যালয়সমূহৰ উল্লেখযোগ্য সফলতা, সাংস্কৃতিক, শৈক্ষিক আৰু ক্ৰীড়া কাৰ্যকলাপৰ সংবাদ আৰু আলোকচিত্ৰক বিশেষ অগ্ৰাধিকাৰ দিয়া হয়।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক আৰু সমাজৰ বিভিন্ন স্তৰৰ পাঠকৰ বাবে জ্ঞানবৰ্ধক, মূল্যভিত্তিক, প্ৰেৰণাদায়ক আৰু মনোগ্ৰাহী লেখা প্ৰকাশ কৰা হয়।

1997

প্ৰথম প্ৰকাশ

105+

প্ৰকাশিত সংখ্যা

100%

নিকেতন সংযোগ

1,30,000+

নিয়মীয়া পাঠক

শিশু শিক্ষা সমিতি, অসম

শিশু শিক্ষা সমিতি, অসম হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক শৈক্ষিক সংগঠন, যিয়ে অসমৰ বিভিন্ন প্ৰান্তত বিদ্যালয়ৰ জৰিয়তে ভাৰতীয় জীৱনমূল্যভিত্তিক শিক্ষাৰ প্ৰসাৰত নিৰন্তৰ কাম কৰি আহিছে।

সমিতিৰ অধীনত পৰিচালিত বিদ্যালয়সমূহত আধুনিক শিক্ষাৰ লগতে ভাৰতীয় সংস্কৃতি, নৈতিক শিক্ষা, দেশভক্তি, সামাজিক দায়িত্ববোধ আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

বিদ্যা ভাৰতী

বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান হৈছে ভাৰতৰ অন্যতম বৃহৎ অসৰকাৰী শিক্ষা আন্দোলন। ১৯৫২ চনত আৰম্ভ হোৱা এই শিক্ষাআন্দোলনে দেশজুৰি মূল্যভিত্তিক, সংস্কৃতিনিষ্ঠ আৰু ৰাষ্ট্ৰীয় চেতনাসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে।

"सा विद्या या विमुक्तये" এই আদৰ্শক সাৰথি কৰি বিদ্যা ভাৰতীয়ে শিক্ষাৰ জৰিয়তে সুসংস্কৃত, সুশিক্ষিত আৰু দেশপ্ৰেমিক নাগৰিক গঢ়ি তোলাৰ লক্ষ্য লৈ কাম কৰি আছে।

আমাৰ দৃষ্টিভংগী

শিক্ষা, সংস্কৃতি, মূল্যবোধ আৰু সমাজ জীৱনৰ ইতিবাচক চিন্তাধাৰাক একেলগে সংযুক্ত কৰি নতুন প্ৰজন্মৰ বাবে এক জ্ঞানসমৃদ্ধ, সৃষ্টিশীল আৰু দায়িত্বশীল সমাজ গঢ়ি তোলা।

আমাৰ লক্ষ্য

  • শিক্ষামূলক আৰু প্ৰেৰণাদায়ক বিষয়বস্তু প্ৰকাশ
  • বিদ্যালয়সমূহৰ কাৰ্যকলাপৰ নথিভুক্তকৰণ
  • ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ মঞ্চ সৃষ্টি
  • ভাৰতীয় জীৱনমূল্যৰ প্ৰচাৰ
  • অভিভাৱক, শিক্ষক আৰু সমাজৰ মাজত ইতিবাচক সংযোগ স্থাপন

কিয় পঢ়িব বিদ্যা ভাৰতী সংবাদ?

বিদ্যালয়ৰ তাজা খবৰ আৰু প্ৰতিবেদন
ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল লেখা
জ্ঞানবৰ্ধক আৰু মূল্যভিত্তিক প্ৰবন্ধ
বিজ্ঞান, সাহিত্য, ক্ৰীড়া আৰু সংস্কৃতি বিষয়ক লেখা
ভাৰতীয় ঐতিহ্য আৰু মূল্যবোধৰ আলোচনা
সমাজ আৰু শিক্ষাৰ ইতিবাচক দিশৰ প্ৰতিফলন

Subscribe to Vidya Bharati Sambad

Get latest news, articles, ebooks and updates directly to your inbox.

Latest Edition Available

📚 Read Latest E-Book

Explore the latest edition of Vidya Bharati Sambad E-Magazine, articles, educational insights, news and special features.

Read Now