যোৰহাট, ৬ জুন: শিশু শিক্ষা সমিতি, অসমৰ সংকুল প্ৰমুখসকলৰ ৰাজ্যিক বৈঠকখন শনিবাৰে শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰ, যোৰহাটত সফলভাৱে অনুষ্ঠিত হয়। মা সৰস্বতীৰ সন্মুখত বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা বৈঠকখনত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ আৰু শিশু শিক্ষা সমিতি, অসমৰ বিভিন্ন স্তৰৰ দায়িত্বশীল কৰ্মকৰ্তা, পূৰ্ণকালীন কাৰ্যকৰ্তা আৰু সংকুল প্ৰমুখসকলসহ মুঠ ৭৬ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

বৈঠকত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড° পৱন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, উপ-সভাপতিদ্বয় অনিমা শৰ্মা আৰু ড° অলকানন্দা বৰুৱা, লগতে জ্যেষ্ঠ কাৰ্যকৰ্তা যোগেন্দ্ৰ সিং চিচোদিয়া উপস্থিত থাকে।

ব্যক্তিত্ব বিকাশত সংকুল ব্যৱস্থাৰ গুৰুত্ব

উদ্বোধনী ভাষণত ড° পৱন তিৱাৰীয়ে বিদ্যা ভাৰতীৰ সংকুল ব্যৱস্থাৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে সংকুল হৈছে নিকেতনসমূহৰ মাজত সমন্বয়, সহযোগিতা আৰু অভিজ্ঞতা বিনিময়ৰ এক শক্তিশালী মাধ্যম। তেওঁ আচাৰ্য-আচাৰ্যাসকলৰ ব্যক্তিত্ব বিকাশ, নেতৃত্ব গুণৰ বিকাশ আৰু শৈক্ষিক উৎকৰ্ষ সাধনত সংকুল ব্যৱস্থাৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰে।

শৈক্ষিক, প্ৰশাসনিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ওপৰত আলোচনা

সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশীয়ে বিদ্যা ভাৰতীৰ আধাৰভূত বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা আগবঢ়ায়। তেওঁ নিকেতনসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা, শৈক্ষিক অগ্ৰগতি আৰু সাংগঠনিক বিকাশৰ তথ্য উপস্থাপন কৰে।

লগতে সংকুল কেন্দ্ৰ নিকেতন আৰু সংকুলৰ অন্তৰ্গত অন্যান্য নিকেতনসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে শৈক্ষিক পৰিকল্পনা, প্ৰশাসনিক ব্যৱস্থাপনা, আন্তঃগাঁথনি উন্নয়ন, আৰ্থিক স্বাৱলম্বিতা আৰু ভৱিষ্যৎ কৰ্মপন্থাৰ ওপৰতো বিশদ আলোচনা অনুষ্ঠিত হয়।

বিভাগসমূহৰ বাৰ্ষিক প্ৰতিবেদন আৰু আগন্তুক কৰ্মপৰিকল্পনা উপস্থাপন

বৈঠকত শিশু শিক্ষা সমিতি, অসমৰ অধীনস্থ দহটা বিভাগৰ বিভাগ নিৰীক্ষকসকলে নিজ নিজ বিভাগৰ বিগত বৰ্ষত সম্পাদিত কাৰ্যসূচী, সাফল্য আৰু আগন্তুক বৰ্ষৰ কাৰ্যযোজনাৰ বিৱৰণ উপস্থাপন কৰে। বিভিন্ন বিভাগৰ প্ৰতিবেদনসমূহৰ জৰিয়তে শিক্ষাৰ মানোন্নয়ন, সাংস্কৃতিক বিকাশ, প্ৰশিক্ষণ, ক্ৰীড়া, সংগঠন বিস্তাৰ আৰু সমাজ সংযোগমূলক কাৰ্যসূচীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

বৈঠকত অংশগ্ৰহণকাৰীসকলে আগন্তুক বৰ্ষত নিকেতনসমূহৰ সামগ্ৰিক বিকাশ আৰু শিক্ষাৰ গুণগত মান উন্নীত কৰাৰ বাবে একত্ৰিতভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।