শিশুৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, বয়সীয়াল সকলো লোকৰ বাবে মোবাইল ফোনটো জীৱনত অপৰিহাৰ্য অংগ হৈ আছে। শিক্ষা-দীক্ষা, কর্মক্ষেত্র, খেলা-ধূলা, ব্যৱসায়-বাণিজ্য, পাৰিবাৰিক সামাজিক জীৱনকে মুখ্য কৰি সকলোৰে লগত যোগাযোগ কৰা এক শক্তিশালী মাধ্যম মোবাইল। সেয়ে মোবাইল নহ'লে আমি এখন্তেকো থাকিব নোৱাৰো। সেই বাবেই কিশোৰ-কিশোৰী, ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱেই ৰাতিপুৱা শুই উঠিয়েই মোবাইল চার্জ দি লওঁ, যাতে দিনটোৰ বাবে আমাৰ সকলো কাম-কাজ নিয়াৰিকৈ চলে। কিন্তু সাম্প্রতিক সময়ত মোবাইলতকৈও জৰুৰী বস্তু এটাত চার্জ দিয়াটো অপৰিহাৰ্য হৈ পৰিছে। সেয়া হ'ল মনটোক চার্জ দিয়া।
মন অতি সূক্ষ্ম। মনৰ কাম হ'ল, চিন্তা-ভাৱনা কৰা, ভাৱনাৰ সৃষ্টি কৰা। মন কোনেও দেখা নাপায়। গতিকে মনক কেনেকৈ চার্জ দিব? মন হ'ল শৰীৰ নিয়ন্ত্ৰণকাৰী চৈতন্য শক্তি আত্মাৰ সূক্ষ্ম শক্তি। মন ইমানেই সূক্ষ্ম যে মনৰ ওপৰত ভাল বেয়া সকলো কথা বা চিন্তাৰ সহজেই চাপ পৰে। ৰাতিপুৱা শুই উঠি সুন্দৰ দৃশ্য বা ভাল খবৰ শুনিলে দিনটোলৈ মনটো আনন্দেৰে ভৰি থাকে। বিচনাতে পুৱা বেয়া খবৰ পালে বা দুখ লগা দৃশ্য দেখিলে মন অশান্ত হৈ পৰে। সেয়েহে ৰাতিপুৱা সদায় মন ভাল লগা বা সুন্দৰ দৃশ্য চাবলৈ সকলোৱে বিচাৰো।
মনৰ প্ৰকৃততে দুটা অৱস্থা- চেতন আৰু অৱচেতন মন। আমি বাহিৰৰ জগতখনৰ দৃশ্য চোৱা, বিভিন্ন লোকৰ লগত কথা-বতৰা পতা, কাম-বন কৰা আদি চেতন মনৰ কাম। কিন্তু মনৰ ভিতৰৰ স্তৰটো অৱচেতন মন। টোপনি যোৱাৰ আগতে আৰু পুৱা শুই উঠাৰ পিছত দহ মিনিট সময় অৱচেতন মন সক্রিয় হৈ থাকে। সেয়েহে ব্যক্তিয়ে যি চিন্তা লৈ টোপনি যায় অৱচেতন মনত প্ৰৱেশ কৰি সেই চিন্তাই প্রকম্পন তুলি মন ভৰাই পেলায়। সেইদৰে পুৱা শুই উঠাৰ দহ মিনিটৰ বাবে অৱচেতন মন সক্রিয় হৈ থাকে। এই সময়ত সুন্দৰ, সৃষ্টিমূলক চিন্তা কৰিলে মানুহৰ মন দিনটোৰ বাবে সুন্দৰ, শক্তিশালী হৈ থাকে।
সুন্দৰ আৰু ভাল চিন্তা মনক দিয়াটোৱেই মন চার্জ কৰা বুজায়। সদায়েই শোৱাৰ আগতে আৰু পুৱা উঠিয়েই ছাত্র-ছাত্রীয়েই নহয় আজিকালি শিশুৰ পৰা বয়সীয়া লোকলৈকে সকলোৰে মন চার্জ দিয়াটো অপৰিহাৰ্য। কাৰণ আজিকালি হতাশা, নিৰাশা, উগ্র মানসিক চাপ, উশৃংখল মানসিকতা, ভ্রষ্টাচাৰ, অমানৱীয়তা আদি যিবোৰ ঘটনা ঘটিব লাগিছে সেয়া মানসিক শক্তি ক্ষয় হোৱাৰ বাবেই হৈছে।
মানসিক শক্তিৰ ক্ষয় হোৱাৰ কাৰণ হ'ল-নেতিবাচক আৰু অদৰকাৰী চিন্তা। বৰ্তমান চাৰিওফালে অস্থিৰতা, সংঘর্ষ প্রাকৃতিক দুর্যোগ, ঘৰুৱা, সামাজিক, শিক্ষা-দীক্ষা, দ্রুতগতিত জীবন যাত্রা প্রণালীৰ পৰিবৰ্তন, নানা ধৰণৰ সমস্যা এই সকলোবোৰ মিলি ল'ৰা-বুঢ়া সকলোকে অস্থিৰ কৰি তুলিছে। মানসিক শক্তি অপচয় হ'লে কোনো কামতে সফল হ'ব নোৱাৰে। মন নেতিবাচক চিন্তাৰূপী আৱৰ্জনাৰে ভৰি পৰে। সেইবাবে মনক সদায় সকাৰাত্মক, সুন্দৰ চিন্তাৰে চাৰ্জ দিব লাগে। মনত সদায় চার্জ দি থাকিলে মন অসীম শক্তিৰ অধিকাৰী হয়।
বিশ্বত গৱেষক আৰু বিজ্ঞানীসকলে গৱেষণা কৰি যিবোৰ আশ্চৰ্যকৰ বস্তু আৱিষ্কাৰ কৰিছে, শিল্পীয়ে অসাধাৰণ সৃষ্টি কৰিছে, সাহিত্যিকে মহৎ সাহিত্য ৰচনা কৰিছে, বর্তমান সময়ত যিসকলে অসম্ভৱকো সম্ভৱ কৰি তুলিছে তাৰ মূলতে হ'ল সেইসকলে মন চার্জ কৰি থাকে-মানসিক শক্তিৰ অধিকাৰী সেইসকল লোক।
Comments
Comments feature will be available soon.