বিজ্ঞান হৈছে জ্ঞান আৰু কৰ্মৰ এক মহাসাগৰ, য'ত মানুহে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়নৰ জৰিয়তে ন-ন তথ্য আৱিষ্কাৰ কৰে। বিজ্ঞানৰ প্রয়োগে মানৱ জীৱনক সহজ কৰি তুলিছে। ব্যৱহাৰিক জীৱনত বিজ্ঞানৰ প্রয়োগ অত্যন্ত বহুল। ব্যৱহাৰিক জীৱনত ইয়াৰ প্ৰয়োগে মানৱ জীৱনক সহজ, সুবিধাজনক আৰু উন্নত কৰি তুলিছে।

চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বিজ্ঞানৰ প্ৰয়োগে পূৰ্বতে দুৰাৰোগ্য বুলি ধাৰণা কৰা অনেক ৰোগৰো নিৰাময় কৰিছে। উদাহৰণস্বৰূপে, ৰোগ প্রতিষেধক, অত্যাধুনিক অস্ত্রোপচাৰ, আৰু বিভিন্ন ৰোগ নিৰ্ণয় কৰিবলৈ বিজ্ঞানৰ প্রয়োগ হৈছে। দুৰাৰোগ্য ৰোগসমূহ নিৰাময়ৰ বাবে বিজ্ঞানে নতুন নতুন, চিকিৎসা পদ্ধতি অবলম্বন কৰিছে। আগৰ দিনৰ আনুমানিক চিকিৎসা-ব্যৱস্থাৰ পৰিৱৰ্তে বর্তমান অত্যাধুনিক সা-সৰঞ্জাম আৰু পৰীক্ষা নিৰীক্ষাৰ বাবে আবিষ্কৃত যন্ত্রপাতিয়ে চিকিৎসা-ব্যৱস্থা উন্নত কৰি তুলিছে। প্রাকৃতিক আৰু অস্বাস্থ্য-জনিত কাৰণত সৃষ্টি হোৱা ৰোগৰ প্ৰয়োভৰ হ্রাস পাইছে আৰু ইয়াৰ ফলস্বৰূপে মানুহৰ আয়ুস বিঘিনিশূণ্য হৈ বৃদ্ধি পাইছে। যোগাসনৰ সঠিক আৰু বিজ্ঞানভিত্তিক প্ৰয়োগৰ দ্বাৰা স্বাস্থ্যৰ উন্নয়ন সম্ভৱ হৈছে।

কৃষিক্ষেত্ৰতো বিজ্ঞানৰ প্রয়োগে জাগৰণ আনিছে। বৰ্তমান প্রতিকূল বতৰৰ পৰিবেশতো ফল-ফুলৰ উৎপাদন অব্যাহত ৰাখিব পৰা ব্যৱস্থা আছে। আধুনিক কৃষি পদ্ধতি, সাৰ আৰু কীটনাশক দৰৱে উৎপাদন বৃদ্ধি কৰিছে। অনাহুত খৰাং বতৰ আৰু অতি বাৰিষাৰ বতৰতো শস্য উৎপাদন কৰিব পৰা কৃষি পদ্ধতি আবিষ্কাৰ হৈছে। বিজ্ঞানৰ জৰিয়তে ৰাসায়নিক কীটনাশকৰ নেতিবাচক দিশ সমূহ পৰিহাৰ কৰিব পাৰিলে, জৈৱিক কীটনাশকৰ প্রয়োগ বৃদ্ধিৰ জৰিয়তে কৃষি ব্যৱস্থাৰ আমূল পৰিবৰ্তন সাধন কৰিব পৰা যাব। বৰ্ণসংকৰ উন্নত প্ৰজাতিৰ শস্যৰ বীজ আৱিষ্কাৰ হৈছে। কৃষি সঞ্জুলিসমূহৰ বৈজ্ঞানিকী কৰণৰ যোগেদি কৃষকৰ শ্ৰম হ্রাস হৈছে, লগতে উৎপাদন বৃদ্ধি পাইছে। সময়ৰ অপচয় ৰোধ হৈছে। 

পৰিবহণ আৰু যোগাযোগৰ ক্ষেত্ৰতো বিজ্ঞানৰ প্ৰয়োগে বিপ্লৱ আনিছে। বিমান, বেল, গাড়ী আদি কৃষিক্ষেত্ৰতো বিজ্ঞানৰ প্রয়োগে জাগৰণ আনিছে। দ্রুতগামী যানবাহন আৰু ইন্টাৰনেট, মোবাইল ফোন আদিয়ে যোগাযোগ সহজ কৰি তুলিছে। দ্রুতবেগী ৰেল আৰু বিমান নিৰ্মাণৰ জৰিয়তে যাতায়তৰ ক্ষেত্ৰত পৃথিৱীখন নিচেই সৰু যেন হৈ পৰিছে। আধুনিক বিজ্ঞানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি বৰ্তমান ৰাস্তা-পদুলি নিৰ্মাণৰ কামত ক্ষীপ্রতা আনিব পৰা হৈছে। দুর্গম স্থানৰ মাজেদিও বর্তমান অতি খৰতকীয়াকৈ আলিবাট নিৰ্মাণৰ কাম হাতত ল'ব পৰা হৈছে। সাগৰতলীৰেও পথ নিৰ্মাণৰ কাম চলিছে।
কৃত্রিম উপগ্ৰহৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ অভূতপূর্ব উন্নয়ন সাধন হৈছে। বেংক ব্যৱস্থাত উন্নত ইন্টাৰনেট ব্যৱস্থাৰ সংযোগ সাধন হোৱাত লেনদেন খৰতকীয়া হৈছে আৰু যাতায়াত ব্যয় দ্রুতগতিত হ্রাস পাইছে, লগতে যোগাযোগ ব্যৱস্থাও ক্ষীপ্ৰৰ পৰা ক্ষীপ্ৰতৰ হৈ পৰিছে।
সামৰিক ক্ষেত্ৰতো বর্তমান বিজ্ঞানৰ প্ৰয়োগ অত্যন্ত গুৰুত্বপূর্ণ। অত্যাধুনিক অস্ত্র-শস্ত্ৰ, প্ৰতিৰক্ষা প্ৰণালীৰ উন্নীতকৰণ আদিয়ে দেশৰ সুদৃঢ় নিৰাপত্তা নিশ্চিত কৰিছে। সামৰিক ক্ষেত্ৰখনো বিজ্ঞানৰ প্রয়োগে অধিক শক্তিশালী কৰি তুলিছে। বিজ্ঞানৰ সঠিক প্রয়োগৰ জৰিয়তে হোৱা অত্যাধুনিক ক্ষেপনাস্ত্ৰৰ আধুনিক
সংস্কৰণ আৰু বিকাশৰ দ্বাৰা দেশৰ আন্তর্জাতিক সুদৃঢ় নিৰাপত্তা নিশ্চিত হৈছে।
মহাকাশ বিজ্ঞানৰ জৰিয়তেও মানুহৰ অনেক উপকাৰ সাধন হৈছে। মহাকাশত থকা উপগ্রহবোৰে বতৰৰ আগলি বতৰা দি মানুহক প্রাকৃতিক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাত সহায় কৰিছে। মহাকাশত থকা উপগ্ৰহবোৰে পথাচাৰীসকলক দিশ নির্দেশনাৰে সুবিধা প্রদান কৰে।
নেভিগেশ্চন ব্যৱস্থাৰ যোগেদি আকাশী বিমান, জাহাজ আদিয়ে সঠিক আৰু নির্ভুল পথ চিনাক্ত কৰিব পাৰে। যাতায়াত ব্যৱস্থাৰ বাবে বর্তমান নেভিগেশ্চন ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। মহাকাশত থকা উপগ্ৰহবোৰে পৰিবেশ অধ্যয়ন কৰি মানুহক পৰিবেশ সংৰক্ষণত সহায় কৰিছে।
দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সা-সামগ্ৰীসমূহ বিজ্ঞানৰ অত্যাধুনিক প্রযুক্তিবিদ্যাৰ যোগেদি সংশোধিত আৰু পৰিশোধিত কৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা হোৱাৰ লগে-লগে সামগ্ৰী সমূহৰ গুণগত মান বৃদ্ধি হৈছে।
বিজ্ঞানৰ প্রয়োগে মানৱৰ দৈনন্দিন জীৱনৰ সকলো দিশতে প্রভাৱ পেলাইছে।