জোনাকী অ জোনাকী! আকাশৰ তৰা জানো তোৰ চিনাকি, আহিনমহীয়া শেৱালি সৰিলে; নিয়ৰত তিতিলে বন, শাৰদী সন্ধিয়াৰ জোনাকী মেল, আই মোৰ সোণৰে অসমৰ আদি অপূর্ব গীতৰ স্রষ্টা গীতিকবি পাৰ্বতি প্ৰসাদৰ জন্ম হৈছিল শিৱসাগৰৰ দিখৌ নদীৰ পাৰৰ এটি আঢ্যৱন্ত পৰিয়ালত। পিতৃ ৰায়চাহাব ৰাধিকা প্রসাদ বৰুৱা অসম কাউন্সিলৰ মেম্বাৰ আছিল। মাতৃ হিমলা দেৱী যোৰহাটৰ বিখ্যাত চাহ খেতিয়ক, ৰায় বাহাদুৰ বিষ্ণুৰাম বৰুৱাৰ কন্যা আছিল, ৰাধিকা প্ৰসাদৰ পৰিয়ালত পুত্ৰ চাৰিজন ক্রমে ভাগৱতী প্রসাদ, পার্বতি প্রসাদ, কামাখ্যা প্রসাদ আৰু মোক্ষদা প্রসাদ। তিনিগৰাকী জীয়ৰী হ'ল কমলা বৰুৱা, সুধা বৰুৱা আৰু প্ৰতিমা বৰুৱা। ১৯০৪ চনৰ ১৯ আগষ্টৰ কোনো এক শুভক্ষণত জন্ম লাভ কৰা সংস্কৃতিৰ একনিষ্ঠ পূজাৰী পাৰ্বতি প্ৰসাদৰ জন্মস্থান তাৎপর্যপূর্ণ। কাৰণ তেখেতৰ কাব্য সাধনাত ইয়াৰ প্ৰভাৱ অপৰিসীম। দিখৌ নৈৰ পাৰৰ প্ৰকৃতিৰ নির্মল কোলাত কবিৰ শৈশৱ পাৰ হৈছিল। সোণৰ চামুচ মুখত লৈ জন্মগ্রহণ কৰা কবিজনাই সৰুৰে পৰাই প্ৰকৃতিৰ লগত নিবিড় সম্পৰ্ক ৰক্ষা কৰি সমগ্র জীৱন প্ৰকৃতিৰ আৰাধনা কৰিলে।

পাৰ্বতি প্রসাদে অনুভৱ কৰিছিল যে ঐতিহ্যৰ ভেটিতহে জাতীয় সংস্কৃতিৰ বিকাশ সম্ভৱ। কবিৰ ৰচনাত কতো চঞ্চলতা নাই, নাই কোনো বাহুল্যতা। আছে মাথো সুন্দৰ সহিষ্ণু মনৰ নির্মল, শান্ত আৰু অচঞ্চল ৰূপ। স্বকীয় শৈলীৰে প্রতিভাত হৈছিল কবিৰ শৈল্পিক সৌন্দর্য। পাৰ্বতি প্ৰসাদৰ গীত মানেই ব্যঞ্জনাময় শব্দৰ সমদল। লেকলৌ পৰুৱা, জোনাকী পৰুৱা, মাধৈমালতী, শাৰদী সন্ধিয়া আদি নিভাঁজ থলুৱা শব্দৰে ভৰপূৰ অসমৰ মাটিৰ গোন্ধ থকা আপোন আপোন লগা মনোৰম গীতবোৰৰ স্ৰষ্টা পার্বতি প্ৰসাদৰ পৰিয়ালটি যেনে আঢ্যৱন্ত আৰু সুৰুচিপূর্ণ, তেনেদৰে কাব্য সাহিত্য চর্চা আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি বিশেষ শ্রদ্ধা পৰিয়ালটিৰ লগৰীয়া বস্তু আছিল।

পৰিৱেশে মানুহৰ জীৱনত প্ৰভাৱ পেলোৱা কথা কবিৰ জীৱনত পৰিস্ফুট হোৱা দেখা যায়। পাৰ্বতি প্ৰসাদৰ কাব্য আৰু জীৱন একে সুৰতে বন্ধা। কবিৰ জীৱনৰ কাহিনী অধ্যয়ন নকৰাকৈ তেখেতৰ গীত, সাহিত্য, কাব্য আৰু সাংস্কৃতিক অৱদানবোৰৰ সঠিক মূল্যায়ন কৰাতো কঠিন।
পাৰ্বতি প্ৰসাদৰ ব্যক্তিত্বত দেখা যায় শান্ত-সৌম্য, নির্ভীক, সুন্দৰ সুঠাম পৌৰষেৰে এক দীপ্ত চেহেৰা। যাৰ পিন্ধনত আছিল অসমীয়া ডাঙৰীয়াসকলৰ আৰ্হিৰে পাটৰ চেলেং চাদৰ, ধূতি, মূৰত মৃগাৰ বনকৰাই লোৱা এড়ীয়া কাপোৰৰ নিজা আৰ্হিৰে তৈয়াৰ কৰা এটা টুপী নির্ভীকতা আছিল তেখেতৰ ব্যক্তিত্বৰ আন এক পৰিচয়।

বহুমুখী প্রতিভাৰ আকৰ পাৰ্বতি প্রসাদে তেখেতৰ সৰহখিনি গীতি-কবিতাৰ সৃষ্টি কৰিছিল ১৯২৩-১৯৩৩ চনৰ কালছোৱাতে। সৰুৰে পৰা ৰৱীন্দ্ৰ কাব্য আৰু সংগীত চর্চা কৰি অহা পার্বতি প্রসাদে বিশ্বকবিক গুৰু হিচাপে গ্রহণ কৰিছিল। কবিৰ জীৱনত ৰবীন্দ্ৰ দৰ্শনৰ ছাঁ পৰিলেও পাৰ্বতি প্রসাদে অসমীয়া জাতীয়ত্বৰ গা-গছডালৰ গুৰিতহে পানী ঢালি তাৰ স্থায়িত্বৰ বাট কাটিছিল। ৰবীন্দ্ৰ সংগীতত যেনেকৈ ভাৱ আৰু সুৰৰ গাম্ভীর্যতা দেখা যায় একেদৰে পাৰ্বতি প্ৰসাদৰ গীতত কথা আৰু সুৰৰ গভীৰতা দেখা যায়। তেখেতৰ গীতত অসমৰ মাটিৰ গোন্ধ আছে। পাৰ্বতি প্ৰসাদে অসমৰ থলুৱা লোকগীত, আইনাম, বিয়ানাম, টোকাৰী গীতৰ সুৰ দি অসমীয়া সংগীত জগতলৈ এক নতুন ধাৰা বোৱাই আনিলে। কবিৰ ৰচনাত শৰৎ কালৰ স্নিগ্ধতা আছে। সমুদ্ৰৰ গৰ্জন নাই। আছে শেৱালিৰ মৃদু সুবাস। বিদেশী বেণ্ড বাদ্যৰ ঝংকাৰ নাই। আছে অসমীয়া টোকাৰীৰ জনজননি। নিজস্ব সৃজনী প্রতিভাৰে পাৰ্বতি প্রসাদে পৰম্পৰাগতভাৱে চলি অহা প্রায় একেধৰণৰ নৃত্যৰ শৈলী পৰিৱৰ্তন কৰি সত্ৰীয়া নৃত্যৰ আর্হিত প্রাচ্য নৃত্য, নিজৰী নাচ, সৃষ্টি নাচ প্ৰৱৰ্তন কৰি অসমীয়া নৃত্য জগততো এটি নতুন ধাৰাৰ সৃষ্টি কৰিছিল। অসমৰ নাট্য বুৰঞ্জীত এজন কৃতী মঞ্চ অভিনেতা স্বৰূপে পাৰ্বতি প্ৰসাদে সুকীয়া আসন অধিকাৰ কৰিছে।

পার্বতি প্রসাদে অসমীয়া সংস্কৃতিৰ মহা সমুদ্রত অৱগাহন কৰি গীত, নৃত্য, নাট, বোলছবি, সাহিত্য আদি অনেক ক্ষেত্ৰত অৱদান আগবঢ়াই অসমীয়া সংস্কৃতিৰ বিশাল পথাৰখন আগুৱাই থৈ গৈছে। পার্বতি প্রসাদে বিশেষ পৰিস্থিতিত পৰিও থিতাতে গীত ৰচনা কৰা দেখা যায়। এনে এটি গীতৰ বিষয়ে তেখেতৰ বৰপুত্ৰ প্ৰণৱিৰাম বৰুৱাৰ মুখেৰে জানিব পাৰিছিলো। দিখৌ নদীৰ শেহতীয়া বান দেখি কবিয়ে লিখিছিল -আজি আকাশৰ শেহ হ'ব পায় শেহ বাৰিষাৰ গান। দিখৌ নৈৰ বুকুতে সেয়েহে আহিছে শেহতীয়া বান। আন এটি গীত হ'ল (পাৰ্বতি প্ৰসাদৰ ৰচনাৱলীত উল্লেখ আছে) এবাৰ গৰু গাড়ীত আহি থাকোতে সাপেখাতি-মেদেলাজানৰ ওচৰত ৰাতিপুৱাৰ সোণালী পোহৰ দেখি লেখিলে- ওৰে ৰাতি অন্ধকাৰত আছিলে মোৰ দুৱাৰ বন্ধ! কোনে আহি দিলে মেলি, সোণৰ পোহৰ দিলে ঢালি, কি আনন্দ, কি আনন্দ। ধনীয়ে ভোগ বিলাসত দুখীয়া নিচলাৰ কথা ভাবি নোচোৱাৰ কথাও দুই এটি গীতত লিখিছে। তেনে এটি গীত হ'ল, মানুহৰ দেহাতে জীৱই কলমলাই, খাবলৈ খুদকণ নাই, মানুহৰ ভোগতে ভোগ পৰমানত খুদকণ কমিলেই দায়।

পার্বতি প্রসাদে কেইবাটাও দেশপ্রেমূলক গীত ৰচনা কৰিছিল। বন্দে মাতৰমৰ দৰে মাটি আৰু মাতৃক একাকাৰ কৰি বন্দনা কৰা ঐতিহ্য কেৱল ভাৰতভূমিতেই দেখা যায়। গীতিকবিয়েও জন্মদাত্রী আইক বন্দনা কৰি ৰচনা কৰিছে পূজোঁ আহা আই মাতৃৰ চৰণ কমল, উঠক বাজি জয়ধ্বনি পৰম মঙ্গল/নোবোলো তোক সোণৰ অসম, মাটিৰ অসম আই/জয় জয় আই মোৰ অসমৰ জয়, ৰতনৰে সিংহাসনত জননী বহিছে, সূৱৰ্ণৰে বন্তি গছি উজলি জ্বলিছে।

উল্লেখযোগ্য যে পার্বতি প্ৰসাদৰ কেইবাটিও গীতত ৰাগ সংগীতৰ প্ৰকাশ ঘটিছে। উদাহৰণস্বৰূপে লুইতৰ চাপৰিত কৰে নাৱৰীয়া, (ভীম পলাশ্রী) গৰখীয়া হেৰ গৰখীয়া, (ধানী) কিহৰ ৰাগীত জ্বলা কলা হলি, (খাম্বাজ), এনেবোৰ কাৰণতে এই গীতবোৰ ভাৰতীয় ভাষালৈ ৰূপান্তৰ হ'ব পাৰে। সংস্কৃত অনুবাদৰ বাবে লেখিকাই নিজে পৰিয়ালৰ লগত যোগাযোগ কৰি অনুমতি লোৱা হৈছিল। ইতিমধ্যে দুই এটি সংস্কৃত অনূদিত গীতত কণ্ঠদান কৰি বাণীবদ্ধ কৰা হৈছে। পাৰ্বতি প্রসাদক শৰতৰ কবি বুলিও জনা যায়। মূলত শৰৎ কালৰ কবি হ'লেও তেখেতৰ কবিতাত প্রকৃতি প্রেম, ভগৱৎ প্রেম, মানৱ প্রেম, ৰহস্যবাদী প্রেম এই সকলোবোৰেই অনন্য ৰূপত উদ্ভাসিত হৈছে।

পাৰ্বতি প্রসাদ যে কেৱল গীতিকবি আছিল এনে নহয়। তেখেত একেৰাহে গায়ক, সু-অভিনেতা, আবৃত্তিকাৰ, বোলছবি পৰিচালক হোৱাৰ লগতে এজন দানবীৰ আছিল। লখিমী আৰু সোণৰ সোলেং নামৰ দুখন গীতি নাটিকা ৰচনা কৰি অসমীয়া সাহিত্যৰ প্ৰথম গীতি নাটিকাৰ স্ৰষ্টা ৰূপে তেখেতে সুখ্যাতি লাভ কৰিছিল।

পাৰ্বতি প্ৰসাদৰ স্কুলীয়া শিক্ষা শিৱসাগৰতে আৰম্ভহৈছিল। প্ৰয়াত ৰাধিকানাথ শৰ্মাই স্থাপন কৰা ফুলেশ্বৰী ল'ৰা উচ্চ বিদ্যালয়ত পঢ়ি পার্বতি প্রসাদে শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৯২১ চনত স্কুলীয়া জীৱনৰ অন্ত পেলাই গুৱাহাটী কটন কলেজত নামভৰ্তি কৰিছিল। কটন কলেজত পঢ়ি থকা সময়তে পাৰ্বতি প্ৰসাদৰ কবি প্রতিভাৰ দুৱাৰ মুকলি হয়। ১৯২৫ চনত পার্বতি প্রসাদে কলিকতালৈ গৈ স্কটিছ চার্চ কলেজত নাম ভর্তি কৰে। কলিকতাত থকা সময়খিনি কবিৰ সোণসেৰীয়া সময়। ইয়াতে ধ্বনি কবি বিনন্দ চন্দ্র বৰুৱাকো লগ পায়।

পাৰ্বতি প্ৰসাদৰ জীৱন ধাৰা বিশ্লেষণ কৰিলে দেখা যায় তেখেতৰ জীৱন নানা ঘাট প্রতিঘাটৰ মাজেদি অতিবাহিত হৈছিল। কটন কলেজত পঢ়ি থকা সময়তে মৰমৰ বাইদেৱেক কমলা বৰুৱাক বিয়া দি উলিয়াই দিয়াৰ কিছুদিন পাছতেই মৃত্যু হোৱাত মর্মান্তিক আঘাত পাই লিখিছিল- জোনাক জোনাক শীতল জোনাক, চাই
মোৰ চকুলো সৰে। বি এ পাছ কৰি অহাৰ পাছত কবিয়ে ১৯২৯ চনত মোমাইদেৱেকৰ চাহ বাগিচাত কাম শিকিবলৈ লয়। সেই বছৰতে তেওঁৰ মনত খেলালে এখন নতুন 'মেল' সৃষ্টি কৰাৰ কথা। তেওঁৰ মনলৈ আহিল শাৰদীয় বগা জোনাকত নিশা পোহৰ বিলাই ফুৰা জোনাকী পৰুৱা ধৰি বটলত ভৰাই সিহঁতৰ লগত খেল কৰাৰ কথা আৰু সিহঁতৰ ঢিমিক ঢামাক পোহৰ চাই আনন্দ লভাৰ কথা। সেয়ে শাৰদী পূর্ণিমা নিশাত সৰু চৰাই বাগিছাৰ বৰ চাহাবৰ বঙলাৰ সন্মুখত থকা খেজুৰ গছৰ তলত তেওঁ আয়োজন কৰিলে 'জোনাকী মেল'ৰ। জোনাকী মেল পাৰ্বতি প্ৰসাদৰ অন্যতম সৃষ্টি। এই মেলৰ উদ্দেশ্য আছিল চাহ-বাগিচাৰ নিৰস-নিৰলা জীৱনৰ অৱসাদবোৰ দূৰ কৰি খন্তেকৰ বাবে হ'লেও আনন্দৰ নিজৰাত বুৰ মৰা। এই মেলত যোগদান কৰা প্ৰতিগৰাকী মেলুৱৈ আছিল একোটা জোনাকী পৰুৱা। এই জোনাকী মেলত গাবৰ বাবেই লিখি উলিয়ালে 'শাৰদী সন্ধিয়াৰ জোনাকী মেল, নিৰলা জীৱনৰ ক্ষণিক খেল। গীতিকবিৰ সৃষ্ট এই জোনাকী মেল আজিও অসমৰ বহু ঠাইত অনুষ্ঠিত হৈ আহিছে। পাৰ্বতি প্রসাদ বৰুৱা শিৱসাগৰৰ কাষৰে ৰজাবাৰী বাগিচাৰ মেনেজৰা হৈ থাকোতেই ১৯৩৩ চনৰ ১৪ অক্টোবৰৰ দিনা মৰমৰ ককায়েক ভাগৱতী প্রসাদ বৰুৱাৰ পৰিয়ালটি লৈ নিজে গাড়ী চলাই শিৱসাগৰলৈ কনৌজ কুঁৱৰী নাট চাবলৈ আহোতে দিচাং নদীত মটৰ দুর্ঘটনাত পতিত হৈ ককায়েক ভগৱতী প্ৰসাদৰ পৰিয়ালটিৰ সলিল সমাধি ঘটিল। সেই সময়ত পকী দলং নাছিল। মাৰনাওঁহে আছিল। মাৰনাওঁখনৰ সন্মুখৰ ডাংডাল লগোৱা নহ'ল। দুর্ভাগ্যক্রমে গাড়ীখন নাঁৱৰ পৰা পিছল খাই পানীৰ মাজত পৰিলগৈ। পাৰ্বতি প্রসাদে কোনোৰকম পানীত ককবকাইহে উঠি আহিল। এই দুর্ঘটনাই সদাহাস্য পাৰ্বতি প্ৰসাদৰ জীৱনৰ সুঁতিয়েই সলাই দিলে। ককাইদেৱেকৰ স্মৃতি যুগমীয়া কৰিবলৈকে অসম সাহিত্য সভাই গুৱাহাটীত ভাগৱতী প্রসাদ বৰুৱা ভৱন নিৰ্মাণ কৰিবৰ বাবে ৫০ হাজাৰ টকা দান কৰিলে। শিৱসাগৰত ভাগৱতী প্ৰসাদ বৰুৱা ঘূৰণ ৰঞ্চমঞ্চ নির্মাণ হ'ল (বৰ্তমান এই ঘূৰণ ৰঙ্গমঞ্চ নাই)। সোণাৰিত ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উঃ মাঃ বিদ্যালয়ৰ ঘৰ আৰু মাটি হ'ল। শেষত কৰ্তব্যৰ আহ্বানত ২০ দিনৰ বাবে কোনো মাননী নোলোৱাকৈ প্রধান শিক্ষকৰ দায়িত্বও লৈছিল।

এইখিনিতে সোণাৰিৰ সোণালী পামৰ কথা উল্লেখ কৰিব লাগিব। সোণালী পামত বহি পার্বতি প্রসাদে সৃষ্টি কৰিছিল 'ভঙা টোকাৰীৰ সুৰ' (অগ্রজ ভাতৃ ভগৱতী প্ৰসাদ বৰুৱা পবিত্ৰ সোঁৱৰণীত উছর্গা) কবিতা পুথি (১৯৫৯), 'খেল ভঙাৰ খেল' (১৯৬৯) কবিতা পুথি, 'গুণগুণনি' (১৯৬৩), 'লুইতী' (১৯৬৩), 'শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল' (১৯৬৩), 'মায়াপী' (অপ্রকাশিত), 'লখিমী' (১৯৩১), 'সোণৰ সোলেং' (১৯৬৫)। সোণাৰিৰ ঘৰটি 'সোণালী পাম' নাম দিছিল পাৰ্বতি প্ৰসাদৰ ককায়েক ভগৱতী প্ৰসাদ বৰুৱাই। সেই সোণালী পামত পৰিয়ালটিৰ স্মৃতি আজিও জিলিকি আছে। কবিৰ বৰ পুত্ৰ প্ৰয়াত প্ৰণৱিৰাম বৰুৱাৰ লগত গৈ সোণাৰিত জোনাকী মেলত অংশগ্ৰহণ কৰাৰ উপৰিও কেইবাটাও সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যাওঁতে এই সোণালী পাম দেখাৰ সৌভাগ্য হৈছিল। কবিয়ে শেষ বয়সত জিৰণি ল'বৰ বাবে শিৱসাগৰত ৰতোৱাল নামেৰে এটি পকী ঘৰ সজাবলৈ লৈছিল যদিও তেখেতৰ জীৱনকালত এই ঘৰটি সম্পূৰ্ণ নহ'ল। পাছত তেখেতৰ সুযোগ্য পুত্ৰ প্ৰণৱিৰাম বৰুৱাই এই ঘৰটি সম্পূৰ্ণ কৰিছিল বুলি জানিব পাৰিছিলো। পাৰ্বতি প্রসাদ বৰুৱাৰ পৰিয়ালটিৰ কথা এইখিনিতে উল্লেখ কৰিলো। বৰ পুত্ৰ প্রয়াত প্ৰণৱিৰাম বৰুৱা (ৰূপহ) মাজু পুত্ৰ মানৱিৰাম বৰুৱা (সুৰুজ) আৰু সৰু পুত্ৰ ভাৰৱিৰাম বৰুৱা (অৰূপ)।

কন্যা ক্রমে সান্ত্বনা বৰুৱা, বন্দনা হাজৰিকা, প্রয়াত কল্পনা বৰকাকতি আৰু অৰ্পনা দত্ত। ১৯৬৪ চনৰ ৭ জুনত গীতিকবি জনাৰ জীৱন নাটৰ সামৰণি পৰে যদিও তেখেতৰ সোণসেৰীয়া সৃষ্টি গীতসমূহে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কণ্ঠৰে প্ৰতিষ্ঠা লাভ কৰে। গীতিকবিৰ বৰ পুত্ৰ প্ৰণৱিৰাম বৰুৱাৰ উদ্যোগতে ১৯৭৩ চনৰ প্ৰথমখন ই পি ৰেকৰ্ড বাণীবদ্ধ হয়। ইয়াৰ পাছতো পিতৃৰ গীতখিনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰসাৰ আৰু প্ৰচাৰত ব্ৰতী হৈ থকা প্রয়াত শিল্পী প্ৰণৱিৰাম বৰুৱাই লোৱা ভূমিকা পিতৃভক্তিৰ উৎকৃষ্ট নিদর্শন। গীতিকবি জনাই তেখেতৰ জীৱনকালতে পুত্র প্রণৱিৰাম বৰুৱাক তেখেতৰ আধৰুৱা হৈ ৰোৱা গীতখিনিত সুৰ দিবৰ বাবে কর্তৃত্ব প্রদান কৰিছিল। (পাৰ্বতি প্ৰসাদৰ জীয়ৰী সান্ত্বনা বৰুৱাই লিখি থৈ যোৱা গ্রন্থ 'মই পাহাৰৰ আগতে' গ্রন্থত উল্লেখ আছে। ভূপেন হাজৰিকাৰ কণ্ঠত এইচ এম ভি (সা-ৰে-গা-মা) নিবেদিত পাৰ্বতি প্ৰসাদৰ শেহতীয়া এলবাম 'বীণবৰাগী'। পাৰ্বতি প্ৰসাদৰ সোঁৱৰত ভঙা কবিতাৰ গান, পোহৰ জৰা গীত, নীৰৱ কিয় টোকাৰী তোৰ, মৌ টোকাৰীৰ মাত, গোন্ধৰ সঁফুৰা আদি কেছেটো পৰৱৰ্তী সময়ত ওলাইছে। বর্তমান পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস-৭ জুন অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত উদ্যাপন কৰি অহা দেখা যায়। এয়া এক শুভ লক্ষণ।

শেহতীয়াকৈ ২০১৯ চনৰ ৭ জুনত গীতিকবিৰ পৰিয়ালৰ সহযোগত লেখিকাৰ দ্বাৰা ৮ টি গীতত কণ্ঠদান কৰি 'কোনে ডাৱৰে ডাৱৰে' নামৰ এখনি শ্রব্য সঁফুৰা ৰাইজৰ বাবে উলিয়াই দিয়া হৈছে। উল্লেখ্য যে গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জীৱন আৰু কৰ্মৰাজি সামৰি লেখিকাৰ দ্বাৰা সম্পাদনা আৰু সংকলন কৰি বৰ্তমান এখনি গ্রন্থ প্রকাশ কৰিবৰ দিহা কৰা হৈছে। এই ক্ষেত্রত পৰিয়ালৰ পৰা যথেষ্ট সঁহাৰি পোৱা হৈছে।

শেষত পুৰোধা ব্যক্তিজনৰ শিল্পী সত্তাক অনুভৱ কৰিবলৈ যিগৰাকী মহান ব্যক্তিৰ সান্নিধ্য লাভ কৰিছিলো তেখেত হ'ল কবিৰ সুযোগ্য পুত্ৰ আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী প্রণৱিৰাম বৰুৱা। কবিৰ লগতে তেখেতৰ গুণী পুত্ৰ প্ৰণৱিৰাম বৰুৱালৈও এইখিনিতে শ্ৰদ্ধাৰে মূৰ দোঁৱাই কলা-সংস্কৃতিৰ মহান সাধক গীতিকবিৰ প্ৰতি গভীৰ শ্ৰদ্ধা
নিবেদিলো। 00