১৯৯৮ চনৰ ২৬ ছেপ্তেম্বৰত হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত নিশান্ত কাশী বাটলাই (২১) ১৭ মিনিট ১৬ ছেকেণ্ড ২৮ মিলি ছেকেণ্ডত ৪০০ টা অংকবিশিষ্ট এক দ্বৈত সংখ্যা মনত ৰাখিছিল। তেওঁ ৩ মিনিট ১৬ ছেকেণ্ড ৯০ মিলি ছেকেণ্ডত সেই সংখ্যাটো সঠিক অনুক্ৰমত পুণৰ স্মৰণ কৰিছিল। তদুপৰি ওলোটা অণুক্ৰমত সেই সংখ্যাটো কৈ দিবলৈ তেওঁৰ সময় লাগিছিল ৪ মিনিট ৭ ছেকেণ্ড ১৯ মিলিছেকেণ্ড। এক বিশাল দ্বৈত সংখ্যাক সঠিক আৰু ওলোটা অনুক্রমত মনত ৰাখিব পৰা তেওঁ প্রথম ব্যক্তি আছিল।
ছুপাৰ মেম'ৰি একটিভ বিকল ট্রেইনিং ইনষ্টিটিউটে আয়োজন কৰা আন এটা অনুষ্ঠানত হায়দৰাবাদৰ ৩৩ বছৰীয়া টি ভি এছ সুব্রহ্মনিয়ামে ২৮ মিনিট ৪৪ ছেকেণ্ডত ৩৬০ টা দ্বৈত সংখ্যা মনত ৰাখিছিল। পাছত তেওঁ ৪ মিনিট ২৩ ছেকেণ্ডত সেইকেইটা নির্ভুলভারে কৈ দিছিল।
Comments
Comments feature will be available soon.