কল্পনা হ'ল মানৱ মনৰ এনে এক সৃষ্টিশীল ক্ষমতা, যাৰ দ্বাৰা কোনো ব্যক্তিৰ প্রত্যক্ষ অভিজ্ঞতাৰ অতীত বা বাস্তৱত নথকা কোনো দৃশ্য, ধাৰণা বা প্রতিচ্ছবি মানসিকভাবে নির্মাণ কৰিব পাৰি। ইয়াক "অপূর্ব বস্তু নির্মাণক্ষম প্রতিভা” বুলিও ক'ব পাৰি, যিয়ে নতুন ধাৰণা গঢ়াত সহায় কৰে। কল্পনাৰ পৰিসৰ ব্যাপক, যি অতীতৰ অভিজ্ঞতাৰ পুনৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ কাল্পনিক জগত নির্মাণলৈকে বিস্তৃত।
আদিম স্তৰৰ পৰা বিৱৰ্তন হৈ মানুহে যেতিয়া সভ্যতাৰ জখলাত বগাবলৈ ধৰিলে, তেতিয়া হয়তো পৰিৱেশ সাপেক্ষে বিভিন্ন সময়ত মানুহৰ মনত নতুন চিন্তাৰ উদয় হ'ল। তাৰেই ফলশ্রুতিত তেওঁলোকে মনৰ ভাৱ প্ৰকাশৰ তাড়না অনুভৱ কৰিলে আৰু ছবি বা বিভিন্ন প্রতীকক তেওঁলোকে মাধ্যম হিচাপে গ্রহণ কৰিলে বুলি বিজ্ঞসকলে মত পোষণ কৰে, ইয়াক চিত্রলিপি (Pictograph) বোলা হয়। সময়ে বাগৰ সলোৱাৰ লগে লগে ছবি বা প্রতীকসমূহ পৰিৱৰ্তিত অৱস্থাৰ মাজেৰে গৈ ধাৰণা চিহ্ন (ideograph) আৰু শেষ ধ্বনিভিত্তিক বর্ণমালা (alphabets) ৰ ৰূপ লোৱা বুলি অনুমান কৰিব পাৰি।
ধ্বনিভিত্তিক বর্ণমালা উদ্ভাৱন হোৱাৰ পাছৰে পৰা লিখন কৌশলে মানুহৰ চিন্তা, আৱেগ, অনুভূতি আদি প্ৰকাশৰ ক্ষেত্ৰত নতুন মাত্রা প্রদান কৰিলে। দৃশ্যমান জগতেই হওক বা অদৃশ্যমান জগতেই হওক মানুহৰ চিন্তাধাৰাৰ উৎস হৈ পৰিল। বিভিন্ন ঘটনা-পৰিঘটনাসমূহে মনত ভাৱৰ জোৱাৰ তুলিলে আৰু তেওঁলোকে কাল্পনিক জগতত বিচৰণ কৰিবলৈ ধৰিলে আৰু পাঠকৰ মনতো ভাৱৰ হিল্লোল তুলিলে। ক্রমে লিখা, পঢ়া আৰু কল্পনাৰ অঙ্গাঙ্গী সম্পর্ক স্পষ্ট হ'ল।
লিখন কলাই ব্যক্তিৰ বৌদ্ধিক বিকাশ সাধন কৰে। চাক্ষুস অভিজ্ঞতা, ব্যক্তিগত জীৱনৰ আৱেগ-অনুভূতি, সুখ-দুখ আদি সকলো বিষয় কলমেৰে নিগৰাই বৌদ্ধিক জগতত বিয়পাই দিব পাৰে। এই লিখন কলাই অন্তর্জগতত কল্পনাৰে সাতোৰঙী ৰামধেনুৰ সৃষ্টি কৰিব পাৰে, যাৰ অনুপম সৌন্দর্যই পাঠকৰ মন জয় কৰিব পাৰে। লিখকৰ মনৰ ভাৱ-সাগৰত পাঠকেও সাঁতুৰি-নাদুৰি বিচিত্র অভিজ্ঞতা লভিব পাৰে। তাৰ লগে লগে কল্পনাৰ ঐন্দ্রজালিক জগতখনত সপোন কোঁৱৰে মায়াৰ জগতত বিচৰণ কৰা বা কোনোবা পৰীয়ে যাদুকাঠীৰে চমৎকাৰিত্ব দেখুওৱাৰ দৰে লিখোঁতাই পাঠকৰ বাবে এনে জগত সৃষ্টি কৰিব পাৰে যে য'ত পাঠকেও সেই কল্পনাত নিজৰ তৰী মেলি উটি ভাঁহি ফুৰিব পাৰে।
লিখা-পঢ়া আৰু কল্পনা তিনিওকে আমাৰ বৌদ্ধিক বিকাশৰ তিনিটা মূল বিন্দু বুলিও আমি অভিহিত কৰিব পাৰোঁ, য'ত পঢ়াই জ্ঞান বৃদ্ধি কৰিব পাৰে, কল্পনাই নতুন ধাৰণাৰ সৃষ্টি কৰে আৰু লিখনৰ জৰিয়তে তাক স্থায়ী ৰূপ দিয়া হয়। পঢ়া আৰু লিখাৰ নিয়মিত অনুশীলনৰ জৰিয়তে ব্যক্তিৰ সৃজনশীলতা আৰু কল্পনা শক্তি অধিক বিকশিত হ'ব পাৰে।
লিখা-পঢ়াই যিদৰে কিতাপৰ লগত পৰিচয় কৰাই দিয়ে আৰু কিতাপত সন্নিৱিষ্ট জ্ঞান ভাণ্ডাৰৰ ৰস আস্বাদন কৰাব পাৰে, তেনেদৰে কল্পনাই মানুহৰ মনত অজান আৰু আনন্দময়ী জগতৰ সপোন দেখাৰ ক্ষমতা প্ৰদান কৰিব পাৰে, যি বাস্তৱ জগতৰ সকলো সৌন্দর্য আৰু ৰহস্য নতুন দৃষ্টিভংগীৰে বিশ্লেষণ কৰিব পাৰে; যাৰ বাবে চিত্ৰকৰে চকুৰ সন্মুখৰ চেপেটা বেৰখনতে গছ-গছনি, জীৱ-জন্তুৰ বিচিত্র সমাবেশেৰে জীৱন্ত ৰূপত দাঙি ধৰিব পাৰে, আনকি সাগৰ-মহাসাগৰৰ প্ৰকাণ্ড টৌ, নদ-নদীৰ কল্লোলিত গতিয়েও দর্শকক স্তম্ভিত কৰি তুলিব পাৰে। সদ্যস্নাতা গাভৰুগৰাকীৰ কেশটাৰিৰ পৰা পৰি থকা পানীয়ে দৰ্শকৰ মনত নানা ৰঙীন অনুভূতি জাগ্রত কৰিব পাৰে। আনহাতে সাহিত্যিকেও কল্পনাৰ জৰিয়তে চকুৰ আগত দেখি থকা বিচিত্ৰ পৃথিৱীৰ ক্ষুদ্র ক্ষুদ্ৰ কথাকে লৈও অমৰ সাহিত্য সৃষ্টি কৰিব পাৰে, যিদৰে কালিদাসে মেঘক দূত কৰি প্ৰেমিক যক্ষই প্রেমিকালৈ বিৰহৰ বাতৰি দি সৃষ্টি কৰা "মেঘদূত” কাব্য সদায়ে অসাধাৰণ ৰূপত পাঠকৰ আগত ধৰা দিয়ে। তেনেদৰে আধুনিক অসমীয়া কাব্য জগততো মাজ ৰাতি সাৰ পাই শুনা কেতেকী চৰাইৰ বিননিয়ে কবি দেৱকান্ত বৰুৱাৰ হৃদয়ত এনে কম্পন তুলিছিল যে তেওঁ সেই অজান-অবুজ পক্ষীটিৰ কণ্ঠতো মানুহৰ হিয়াৰ সম্বাদ শুনিবলৈ পাইছিল। গীতিকবি পার্বতী প্রসাদ বৰুৱাদেৱে নীল গগনত দেখা শুকুলা ডাৱৰক মূৰত পাগুৰি মাৰি অহা কোনোবা সপোন কোঁৱৰ
ৰূপে কল্পনাৰে জীৱন্ত কৰি তুলিছে। কল্পনাই ব্যাপক পৰিসৰৰ জৰিয়তে সাহিত্য তথা শিল্প জগতত নিত্য নতুন চৰিত্ৰ, দৃশ্য ও পটভূমিৰ সৃষ্টি কৰাত সহায় কৰে।
ককা-আই তাৰ মুখত শুনা সাধুকথাৰ পৰী, ৰূপকোঁৱৰ, দেওলগা পৰ্বত-পাহাৰৰ কাহিনী, নিৰ্জীৱ বস্তুও জীৱন্ত হৈ উঠা, জীব-জন্তু অথবা গছ-গছনিয়ে কথা কোৱা, জোনাক নিশা ফটফটীয়া আকাশৰ হাতীপটীক লৈ কোৱা বিচিত্র কাহিনী, জোনবাইক বেজী খুজি গীত গোৱা আদি কথাবোৰে শিশুসকলৰ মনতো কল্পনাৰ এক বর্ণিল জগত ৰচনা কৰিব পাৰে, যাৰ জৰিয়তে তেওঁলোকে চিন্তা আৰু কল্পনা দুয়োটাৰে বিস্তাৰ ঘটাব পাৰে। কল্পনাৰ জৰিয়তে তেওঁলোকৰ চিন্তাৰ উন্মেষ ঘটোৱাত গীত আৰু কাহিনী দুয়োটা সহচৰী হয়। সেয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে 'বুঢ়ী আইৰ সাধু', "ককাদেউতা আৰু নাতিল'ৰা" আদি সাধুসমূহৰ জৰিয়তে শিশুক হাঁহিৰ খোৰাক যোগোৱাৰ লগতে চিন্তাৰ উন্মেষ ঘটোৱাৰ প্ৰয়াস কৰিছিল আৰু শিশুসকলে কল্পনাৰ জগতত বিচৰণ কৰাৰ সুবিধা পায়। উপন্যাস, গল্প, কবিতা, গীত অথবা চিত্রশিল্প যিয়েই নহওক সৃষ্টিশীল প্ৰতিভাৰে জকা তৈয়াৰ কৰি কল্পনাৰ ৰহণেৰে ৰক্ত-মাংসৰ লেপন দিয়াৰ লগতে বিচিত্ৰ ভাৱ-ৰঙৰ সমাৱেশেৰে পাঠকৰ মন-মগজুতো সৃষ্টিকৰ্তাৰ ভাৱৰ জোৱাৰ তুলিব পাৰে। কল্পনাৰে কৰ্ষণ কৰি যি কোনো বিষয়ৰ এটি সাধাৰণ বীজক চিন্তাৰে উৎকৰ্ষ ঘটাই লিখনৰ জৰিয়তে সাকাৰ ৰূপ দিব পাৰি।
দেখা যায় যে লিখা, পঢ়া আৰু কল্পনা এই তিনিওটাৰ সমন্বয়তহে গভীৰ সৃষ্টিশীল সাহিত্যৰ জন্ম হ'ব; ইটোক সিটোৰ পৰিপূৰক বুলি ক'ব পাৰি।