আভিধানিক ভাৱে 'পুৰাণ' শব্দৰ অৰ্থ হৈছে প্রাচীন অথবা পুৰণি আখ্যান। কোৱা হয় যে "পুৰাণং পুৰাতনমাখ্যানম্ উচ্যতে”। মূলতঃ সংস্কৃত শব্দ পুৰাণ শব্দটিয়ে হিন্দু পৌৰাণিক কাহিনী, কিংবদন্তি আৰু পৰম্পৰাগত জ্ঞান থকা ভাৰতীয় সাহিত্যৰ বিশাল এটি ধাৰাক বুজায়। খ্ৰীষ্টীয় তৃতীয় আৰু দশম শতিকাৰ ভিতৰত ৰচিত এই পৱিত্ৰ গ্ৰন্থ সমূহত সৃষ্টি, ব্রহ্মাণ্ড বিজ্ঞান, দর্শন আদিক সামৰি বিষ্ণু শিৱ দেৱীৰ দৰে দেৱতাৰো কাহিনী বৰ্ণনা কৰাটো পৰিলক্ষিত হয়। হিন্দু ধৰ্মৰ প্ৰাচীন আখ্যানমূলক এই পুৰাণ সমূহে বর্ণনা কৰে- সৃষ্টি, সৃষ্টিৰ অৱনতি, ঋষি-মুনি, নৃপতিসকলৰ বংশাৱলী ইত্যাদি নানা বিষয়। মূলতঃ মহাপুৰাণ হৈছে ১৮ খন। পঞ্চ লক্ষণযুক্ত এই পুৰাণৰ প্ৰণেতা বুলি বিশ্বাস কৰা হয় 'বেদব্যাসক।' কোৱা হয় যে-
"সর্গ প্রতিসর্গশ্চ বংশো মন্বন্তৰাণি চ বংশানুচৰিতং চৈৱ পুৰাণং পঞ্চ লক্ষণম্”।
অর্থাৎ, সর্গ (সৃষ্টি), প্রতিসর্গ, বংশ (বংশাৱলী) মন্বন্তৰ (মনুৰ পৰৱৰ্তী কাল)', বংশানুচৰিত এই পাঁচটি হৈছে পুৰাণৰ পঞ্চলক্ষণ। প্রতিটো লক্ষণ অতি সুন্দৰ ভাৱে প্রতিফলিত হৈছে পুৰাণ সমূহত।
অষ্টাদশ (১৮) পুৰাণৰ অন্যতম এখন পুৰাণ হৈছে 'পদ্ম পুৰাণ।' পদ্ম পুৰাণ পৰম্পৰাগত ভাৱে ব্যাসদেৱে ৰচনা কৰা এক বিশাল বিশ্বকোষীয় গ্রন্থ, য'ত প্রায় ৫৫,০০০ শ্লোক আছে। ব্ৰহ্মাৰ মহাজাগতিক পদ্মৰ নামেৰে নামাকৰণ কৰা এই পুৰাণে মূলতঃ বিষ্ণুক মহিমামণ্ডিত কৰাৰ লগতে শিৱ, শক্তি, ব্রহ্মাণ্ড, পৌৰাণিক কাহিনী আৰু তীর্থযাত্রাকো সামৰি লৈছে।
পদ্ম পুৰাণত ব্ৰহ্মাণ্ডবিজ্ঞান, বংশাৱলী, ভূগোল নদী আৰু ঋতু, মন্দিৰ আৰু ভাৰতৰ অসংখ্য তীর্থ স্থানলৈ তীর্থযাত্ৰাৰ অংশ অন্তর্ভূক্ত কৰা হৈছে, বিশেষকৈ পুষ্কৰ ৰাজস্থানৰ ব্ৰহ্ম মন্দিৰলৈ, ৰাম আৰু সীতাৰ কাহিনীৰ সংস্কৰণ, বিষুষ্ণু মহিমা বর্ণিত আছে। বিশেষকৈ নৈতিকতা, আতিথ্যৰ ওপৰত আলোচনা, যোগ, আত্মন্ (আত্মা), মোক্ষ আৰু অন্যান্য আলোচনা ইয়াত উপলব্ধ। সৃষ্টি, ভূমি, স্বর্গ, ব্রহ্ম, পাতাল, উত্তৰ, ক্রিয়া-যোগসাৰ নামেৰে পদ্মপুৰাণ সপ্ত খণ্ডত বিভক্ত।
পদ্ম পুৰাণৰ পাণ্ডুলিপি সমূহ আধুনিক যুগলৈকে অসংখ্য সংস্কৰণত আছে। ইয়াৰে দুটা প্রধান আৰু উল্লেখযোগ্যভাবে পৃথক। এটা ভাৰতৰ পূব আৰু আনটো ভাৰতৰ পশ্চিম অঞ্চলৰ পৰা পোৱা যায়। ই এক বিস্তৃত গ্রন্থ, ইয়াত ৫৫,০০০ পদ আছে বুলি দাবী কৰা হৈছে। প্রকৃততে জীৱিত পাণ্ডুলিপিসমূহত প্রায় ৫০,০০০ পদ দেখুওৱা হৈছে।
পুৰাণ সমূহ হৈছে গুৰুত্বপূর্ণ, বিশ্বকোষীয় হিন্দু গ্রন্থ যিয়ে জটিল বৈদিক দর্শনক সকলোৰে বাবে সুলভ কৰি তোলে। পুৰাণসমূহে হিন্দু ধৰ্মৰ 'মেৰুদণ্ড' হিচাপে কর্ম সম্পন্ন কৰে, নৈতিকতা, ভক্তি, সাংস্কৃতিক ঐক্যক লালন পালন কৰে আৰু দৈনন্দিন জীৱনক পথ প্রদর্শন কৰে। ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতিৰ ক্ষেত্ৰখনত পুৰাণ সমূহৰ অৱদান উল্লেখযোগ্য। পুৰাণ সমূহ হৈছে- সংগীত, শাস্ত্রীয় নৃত্য (ভাৰতনাট্যম), গল্প নাটককে আদি কৰি ভাৰতীয় কলাৰ ভেটি। প্রাচীন নানা তথ্যৰ ভাণ্ডাৰ এই পুৰাণ সমূহ সংৰক্ষিত তথা সু-সংবদ্ধভাৱে ৰখাটো প্রতিজন ভাৰতীয়ৰে কৰ্তব্য।
পদ্মপুৰাণ - এক সংক্ষিপ্ত আভাস
অষ্টাদশ মহাপুৰাণৰ অন্যতম ‘পদ্মপুৰাণ’ হৈছে ভাৰতীয় ধৰ্ম, সংস্কৃতি, নৈতিকতা, তীৰ্থ, ভক্তি আৰু আধ্যাত্মিক জ্ঞানৰ এক অনন্য বিশ্বকোষ। এই প্ৰবন্ধত পদ্মপুৰাণৰ ইতিহাস, গঠন, বিষয়বস্তু আৰু সাংস্কৃতিক গুৰুত্বৰ সংক্ষিপ্ত পৰিচয় আগবঢ়োৱা হৈছে।
Table of Contents
- Loading...
পুৰাণ কেৱল প্ৰাচীন আখ্যান নহয়; ই ভাৰতীয় সভ্যতা, নৈতিকতা, ভক্তি আৰু সাংস্কৃতিক ঐতিহ্যৰ এক জীৱন্ত দিশদৰ্শক।
Published
29 Jun 2026
Views
65
Reading Time
1
Minutes
Thank You for Reading
We hope this article helped you. If you found it useful, please share it with your friends.
পীতাম্বৰ হাজৰিকা
প্রাক্তন ছাত্র: শ.শি.বি.নি., ভোগপুৰ
1
Articles
65
Views
-
Joined
Comments
Comments feature will be available soon.