বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত উত্তৰ অসম প্ৰান্তৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহ ভাৰতীয় আদর্শ, মূল্যবোধ আৰু শিক্ষাদৰ্শনৰ আধাৰত পৰিচালিত এক সু-সংগঠিত শিক্ষা প্রতিষ্ঠান। সময়ৰ সৈতে খাপ খুৱাই এই নিকেতনসমূহৰ গুণগত উন্নয়ন, আধুনিকীকৰণ সক্ষমতাৰ ক্ষমতাৰ বিকাশ আৰু শ্ৰেণী নির্ধাৰণ এক অবিচ্ছেদ্য প্রক্রিয়া। সেয়েহে শিশু শিক্ষা সমিতি, অসমে পোন প্ৰথমবাৰৰ বাবে নিকেতন সমূহৰ সামগ্রিক প্রগতি, আত্মমূল্যায়ণ আৰু উৎসাহ বৃদ্ধিৰ উদ্দেশ্যে উৎকর্ষ মহোৎসৱ অভিধাৰে যোৱা ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখে সকলো শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনতে এদিনীয়া নিকেতন পৰিদৰ্শন আৰু মান নিৰূপণ কাৰ্যসূচী গ্রহণ কৰিছে।
এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে-
- নিকেতন সমূহৰ শিক্ষণ-শিকণ প্রক্রিয়া, সংগঠন, পৰিৱেশ আৰু প্ৰশাসনিক দিশ পর্যবেক্ষণ কৰা।
- নিকেতনসমূহৰ শ্ৰেণীবিভাজন প্রক্রিয়াক বাস্তৱ আৰু গুণগত ৰূপ প্রদান কৰা।
- নিকেতন পৰিয়ালক আত্মবিশ্বাস বৃদ্ধিৰ বাবে উৎসাহ প্রদান কৰা।
- বিদ্যাভাৰতীৰ আদৰ্শ, ভাতৃত্ববোধ আৰু একাত্মতাৰ চেতনাক দৃঢ় কৰা।
- নিকেতন সমূহত উন্নয়ন, আধুনিকীকৰণ আৰু সক্ষমতা বিকাশৰ নতুন দিশ উন্মোচিত কৰা।
উৎকর্ষ মহোৎসৱ কাৰ্যসূচী সফলভাবে বাস্তৱায়িত কৰাৰ প্ৰয়োজনীয় পৰিকল্পনা কৰি ৰূপায়ণ কৰাৰ বাবে শিশু শিক্ষা সমিতি, অসমে এগৰাকী সংযোজক আৰু
প্ৰতিটো বিভাগৰ বিভাগ নিৰীক্ষকৰ তত্বাৱধানত টোলী গঠন কৰি অগ্ৰসৰ হয়। বিভাগ নিৰীক্ষক সকলে তেখেতসকলৰ অধীনস্থ প্রতিখন নিকেতনত এই কাৰ্যসূচী ৰূপায়ণৰ বাবে পাঁচজনীয়া সদস্যৰে একোটাকৈ "মান নিৰূপণ দল" গঠন কৰে। এই মান নিৰূপণ দলত এগৰাকীকৈ স্থানীয় শিক্ষাবিদ, জ্যেষ্ঠ আচার্য, পৰিচালনা সমিতিৰ পদাধিকাৰী, অভিভাৱক আৰু প্রাক্তন ছাত্রক অন্তর্ভুক্ত কৰা হয়। এই সদস্যসকলক বিভাগ নিৰীক্ষকৰ তত্বাৱধানত প্রয়োজনীয় প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়।
এই কাৰ্যক্ৰমত সমগ্ৰ অসমৰ মুঠ ৫২৭ খন নিকেতনৰ ৫০৬ খনত মান নিৰূপণ কৰা হয়। মান নিৰূপণৰ বাবে গঠন কৰা মুঠ ২৫৩০ গৰাকীৰ 'মান নিৰূপক' দলটোৱে উৎকর্ষ মহোৎসৱ কাৰ্যসূচী সফল কৰাত প্রত্যক্ষ সহযোগ আগবঢ়ায়। এই উৎকর্ষ মহোৎসৱত ১,৪৫,২৪৩ গৰাকী ছাত্র-ছাত্রী আৰু ৮,৫৫০ গৰাকী আচার্য-আচার্যাসহ মুঠ ১,৫৬,৩২৩ গৰাকী ব্যক্তি জড়িত হৈ শিশু শিক্ষা সমিতি, অসমৰ এই মহান প্রচেষ্টাক বাস্তবায়িত কৰি বিদ্যা ভাৰতীৰ কাৰ্য জন মানসত এক নতুন জাগৰণ সৃষ্টি কৰে।
উৎকর্ষ মহোৎসৱ শিশু শিক্ষা সমিতি, অসমৰ এক ঐকান্তিক প্রয়াস। এই কাৰ্যসূচী পৰিদৰ্শনমূলক যদিও পৰীক্ষামূলক নহয়। ই এক উৎসাহমূলক, দিক্-নির্দেশক প্ৰক্ৰিয়া, যাৰ ফলত নিকেতন সমূহে নিজৰ শক্তিৰ পৰিচয় লাভ কৰাৰ লগতে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সহায়ক হ'ব। উৎকর্ষ মহোৎসৱ হৈছে নিকেতন পৰিয়ালৰ সৈতে ভাতৃত্ববোধৰ বন্ধন গঢ়াৰ এক প্রয়াস। এই ব্যৱস্থাই নিকেতন, সমাজ আৰু সংগঠনৰ মাজত সম্পর্ক দৃঢ় কৰাৰ উপৰিও আচাৰ্য-আচাৰ্যা আৰু পৰিচালনা সমিতিৰ মাজত
আত্মবিশ্বাস আৰু উদ্যম বৃদ্ধি কৰিব। এই ব্যৱস্থাই নিকেতনসমূহক কেৱল মূল্যায়ন নকৰে, বৰঞ্চ এই ব্যৱস্থাই নিকেতনসমূহক উৎসাহ প্ৰদান কৰাৰ লগতে আগন্তুক পথৰ সন্ধান দিয়াৰ লগতে নিকেতনসমূহে নিজকে উন্নীতকৰণ কৰি এখন সক্ষম শিক্ষা প্রতিষ্ঠান হিচাপে গঢ়ি তোলাৰ দিশত অগ্ৰসৰ হ'ব পাৰিব।
Comments
Comments feature will be available soon.